TV9 ASSAM
নীতিশ কুমাৰ ৰেড্ডীয়ে মেলবৰ্ণ টেষ্টত অপৰাজিত শতক অৰ্জন কৰি অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।
বক্সিং টেষ্টত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় খেলুৱৈ হৈছে নীতিশ কুমাৰ ৰেড্ডী । ৰেড্ডীৰ বয়স ২১ বছৰ ।
ভাৰতীয় ক্ৰিকেট বৰ্ডৰ সৈতে নীতিশ কুমাৰৰ কোনো চুক্তি বৰ্তমান নাই । তেওঁ প্ৰতিখন মেচৰ বাবে মেচমাচুল লাভ কৰে ।
নীতিশ কুমাৰে ভাৰতৰ হৈ এতিয়ালৈকে ৪ খন টেষ্ট খেলিছে । প্ৰতিখন টেষ্টৰ বিনিময়ত ১৫ লাখকৈ মেচ মাচুল লাভ কৰে নীতিশ কুমাৰ ৰেড্ডীয়ে ।
ভাৰতৰ হৈ নীতিশ কুমাৰে এতিয়ালৈকে ৩ খন টি-২০ মেচ খেলিছে । প্ৰতিখনৰ বাবদ ৩ লাখকৈ মেচ মাচুল দিয়ে বিচিচিআইয়ে ।
নীতিশ কুমাৰ বিচিচিআইৰ গ্ৰেড চিত চুক্তিবদ্ধ হোৱাটো প্ৰায় নিশ্চিত । এতিয়া বছৰি ১ কোটি লাভ কৰিব নীতিশ কুমাৰে ।
তিনিটা বছৰ ধৰি আইপিএলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলিছে । প্ৰথম দুটা সংস্কৰণত তেওঁ ২০ লাখকৈ পাইছিল । এইবাৰ ৬ কোটিত চুক্তিবদ্ধ হৈছে ।
পঢ়িবলৈ ক্লিক কৰক