24 June 2025
TV9 ASSAM
Photos Credit: Getty Images
গ্ৰীষ্মকালত ভাইৰেল জ্বৰ, চৰ্দি আৰু কাহ, ডেংগু, মেলেৰিয়া, টাইফয়েড আদি ৰোগৰ আশংকা বৃদ্ধি পায়।
এই ৰোগৰ আশংকাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো জৰুৰী। গতিকে তালিকাত এইসমূহ খাদ্য অন্তৰ্ভুক্ত কৰক।
আদাত এন্টি-বেক্টেৰিয়েল, এন্টি-ভাইৰেল আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে। ডিঙিৰ বিষ, চৰ্দি, কাহ আৰু পাচনতন্ত্ৰৰ সমস্যাৰ চিকিৎসাত আদা উপকাৰী।
হালধিয়ে স্বাভাৱিকতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ভাইৰাছৰ সংক্ৰমণত হালধি ব্যৱহাৰ কৰি উপকাৰ লাভ কৰিব পাৰে।
তুলসীত থকা এন্টি-বেক্টেৰিয়েল, এন্টি-ভাইৰেল আৰু এন্টি-অক্সিডেন্ট গুণে চৰ্দি, কাহ, জ্বৰ, ডিঙিৰ বিষৰ পৰা উপশম পোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
আমলখি হৈছে ভিটামিন চিৰ উত্তম উৎস।ই শৰীৰত এন্টিঅক্সিডেন্ট বৃদ্ধি কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে।
প্ৰ’বায়’টিক অৰ্থাৎ দৈত থকা ভাল বেক্টেৰিয়াই পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে।
ইয়াৰ লগতে খাদ্যত সতেজ ফল-মূল আৰু সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে। ই আপোনাক প্ৰয়োজনীয় পুষ্টি প্ৰদান কৰিব।
পঢ়িবলৈ ক্লিক কৰক