TV9 ASSAM
বৰ্তমান মোবাইল ফোন আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে। পিছে ইয়াৰ প্ৰতি অত্যধিক আসক্তি বহু স্বাস্থ্যজনিত সমস্যাৰ কাৰক হ’ব পাৰে।
মোবাইল ফোন অত্যধিক ব্যৱহাৰ কৰিলে দৃষ্টিশক্তিৰ সমস্যা হ’ব পাৰে। চকুৰ টানি ধৰা সমস্যা, চকু শুকান, দৃষ্টিশক্তি ম্লান হোৱা, মূৰৰ বিষ আদি হ’ব পাৰে।
মোবাইল ফোন অত্যধিক ব্যৱহাৰ কৰিলে টোপনিত সহায় কৰা হৰম’ন মেলাটনিনৰ উৎপাদন হ্ৰাস পাব পাৰে, ফলত টোপনিৰ মানদণ্ড বেয়া তথা অনিদ্ৰাৰ সমস্যা হ’ব পাৰে।
মোবাইল ফোন উচ্চ শব্দত অত্যধিক ব্যৱহাৰ কৰিলে কাণৰ কোষবোৰ ক্ষতিগ্ৰস্ত হয় আৰু ইয়াৰ ফলত স্থায়ীভাৱে শ্ৰৱণ ক্ষমতা হেৰুৱাব পাৰে।
একে স্থানতে বহি বা শুই মোবাইল ব্যৱহাৰ কৰি থাকিলে মেদবহুলতাৰ সন্মুখীন হ’ব পাৰে, ফলত টাইপ ২ ডায়েবেটিছসহ আন বহু ৰোগে গা কৰি উঠিব পাৰে।
আমি যেতিয়া ডিঙি বেঁকা কৰি অধিক সময় ফোনটো চাওঁ, তেতিয়া ই মেৰুদণ্ড আৰু পেশীত হেঁচা প্ৰয়োগ কৰে। ফলত ডিঙি, কান্ধ আৰু পিঠিত বিষৰ সমস্যা হয়।
পঢ়িবলৈ ক্লিক কৰক
ভৰি ওপৰা-উপৰিকৈ দি বহিলে হ'ব পাৰে এনে সমস্যা