22 June 2025
TV9 ASSAM
Photos Credit: Getty Images
ডিঙি বা কপালত ক'লা দাগ থকাটো সাধাৰণ সমস্যা । সূৰ্যৰ ৰশ্মি, মলি, হৰম'নৰ পৰিৱৰ্তন বা ছালৰ যত্নৰ অভাৱত ক'লা দাগ পৰিব পাৰে ।
এই ক্ষেত্ৰত নেমুৰ ৰস আৰু মৌৰ পেক ব্যৱহাৰ কৰিব পাৰে । নেমু ৰসৰ লগত মৌ মিহলাই ক'লা দাগত লগাব পাৰে। ৩-৪ ভিতৰত ইয়াৰ ফলাফল পাব।
কেঁচা আলুৰ ৰস ক'লা দাগ আঁতৰোৱাৰ বাবে উপকাৰী । আলুত কেটেকোলেজ এনজাইম থাকে । ই ক'লা দাগ আঁতৰ কৰাত সহায় কৰে।
হালধি আৰু গাখীৰৰ মিশ্ৰণ ক'লা দাগত লগাব পাৰে। ই ছালখন পৰিষ্কাৰ কৰাৰ লগতে ক'লা দাগ আঁতৰোৱাত সহায় কৰে।
এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰে। এলোভেৰা জেল ব্যৱহাৰ কৰিলে ছালখন ঠাণ্ডা কৰি ৰাখে আৰু ক'লা দাগ আঁতৰোৱাত সহায় কৰে ।
নাৰিকল তেল আৰু ভিটামিন ই কেপচুল ব্যৱহাৰ কৰিব পাৰে । এই দুয়োটা মিহলাই ক'লা দাগত লগালে ভাল ফলাফল লাভ কৰিব।
আপোনাৰ যদি এলাৰ্জীৰ দৰে ছালৰ সমস্যা আছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।
পঢ়িবলৈ ক্লিক কৰক