TV9 ASSAM
প্ৰায় বহু মানুহে দাঁতৰ লগত জড়িত সমস্যাত ভোগে। কেতিয়াবা হঠাতে এই বিষ হয়। তেনে সময়তে মানুহে লগে লগে বিপদত পৰে আৰু বিষত অসহায় হৈ পৰে।
তেনে ক্ষেত্ৰত আপুনি ঘৰুৱা উপায় অৱলম্বন কৰি দাঁতৰ বিষ নোহোৱা কৰিব পাৰে। অৱশ্যে এই উপায়সমূহে আপোনাক কিছুসময়ৰ বাবেহে বিষৰ পৰা পৰিত্ৰাণ দিব।
নিমখ প্ৰায় সকলোৰে ঘৰত থাকে। যেতিয়া আপোনাৰ অসম্ভৱ দাঁতৰ বিষ হয় তেতিয়া নিমখ পানীৰে কুলকুলা কৰিব লাগে। এনে কৰিলে দাঁতৰ বিষৰ পৰা বহু পৰিমাণে পৰিত্ৰাণ পোৱা যায়।
দাঁতৰ বিষৰ বাবে পদিনা ভাল। তেনে ক্ষেত্ৰত আপুনি পদিনাৰ চাহ বনাই খাব পাৰে। ইয়াৰ ফলত আপুনি দাঁতৰ বিষৰ পৰা বহু পৰিমাণে সকাহ পাব। পদিনা অন্য ৰোগতো ভাল।
লঙৰ বহু উপকাৰী গুণ আছে। লং খোৱাৰ ফলত দাঁতৰ বিষ বা দাঁতৰ গুড়িৰ ফুলা কম হয়। আপুনি চাহত লং দি বা এটুকুৰা লং সামান্য চোবাই চোবাই খাব পাৰে।
বেকিং চোডাই দাঁত চাফা কৰে আৰু ফুলা কমায়। যাৰ বাবে বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়। অৱশ্যে বেকিং চোডা কম পৰিমাণে ব্য়ৱহাৰ কৰিব লাগে আৰু এলাৰ্জী হ'লে ব্যৱহাৰ কৰিব নালাগে।
আপোনাৰ দাঁতৰ বিষ বেছি হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱা আৱশ্যক। সকলোৰে দাঁত বিষৰ কাৰণ বেলেগ বেলেগ হব পাৰে। যাৰ বাবে ঘৰুৱা উপায়ৰ লগতে চিকিৎসকৰ ওচৰত যোৱা আৱশ্যক।
পঢ়িবলৈ ক্লিক কৰক