২৬ ছেপ্টেম্বৰ ২০২৪
TV9 ASSAM
বেছিভাগ মানুহৰ চাহৰ সৈতে দিনটোৰ আৰম্ভণি হয়। যদি তেওঁলোকে চাহ নাপায়, কোনো কামত মন নবহে।
কামৰ পৰা বিৰতিৰ সময়ত হওক বা মিটিঙতে হওঁক বা নিশালৈকে অধ্যয়ন কৰাই হওক – তেওঁলোকে সকলোতে চাহ বিচাৰে
কিন্তু চাহৰ আসক্তি বিপদজনক। ইয়াৰ ফলত শৰীৰত বহু প্ৰকাৰৰ ৰোগ হয়। বিশেষজ্ঞৰ পৰা জানক কেনেকৈ এই আসক্তিৰ পৰা পৰিত্ৰাণ পাব?
পুষ্টিবিদ নমামি আগৰৱালে কৈছে যে অধিক চাহে হজম নষ্ট কৰিব পাৰে। ইয়াৰ ফলত টোপনিৰ সমস্যাও হ'ব পাৰে।
যদি আপুনি চাহৰ আসক্তিৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে দিনটোত যথেষ্ট পৰিমাণে পানী খাব। কমেও ২ লিটাৰ পানী খোৱা প্ৰয়োজন।
চাহৰ সলনি এগিলাচ গৰম নেমু পানীৰে দিনটো আৰম্ভ কৰক। যিয়ে আপোনাৰ পাচন শক্তি মজবুত কৰিব।
চাহৰ সলনি জুইচ, গাখীৰ, লচি, চুপ আদি বস্তু গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। আপুনি হৰ্বল টি , লেমন টি বা গ্ৰীণ টিও খাব পাৰে।