ভাৰতৰ ১০০ টকা ছিৰিয়াত কিমান হয়? 

11 December, 2024 

TV9 ASSAM

কিছুদিন পূৰ্বে ছিৰিয়া দখল কৰে বিদ্ৰোহী বাহিনীয়ে। তাৰ পাছতে দেশখনত আক্ৰমণ কৰি গৈছে ইজৰাইলে। যাৰ বাবে বিশ্বত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে ইজৰাইল।

ছিৰিয়া

 প্ৰতি দেশৰ মুদ্ৰাৰ নিজা নিজা নাম থাকে। ছিৰিয়াৰ মুদ্ৰাক ছিৰিয়ান পাউণ্ড বুলি কোৱা হয়। ইয়াক লীৰা বুলিও জনা যায়।

মুদ্ৰা

 ভাৰতীয় মুদ্ৰাৰ বাবে INR লিখে। ঠিক তেনেকৈ ছিৰিয়াৰ মুদ্ৰাৰ বাবে SPY শব্দৰ ব্যৱহাৰ কৰা হয়।

কেনেকৈ লিখে

ভাৰতৰ ১ টকা ইছলামিক দেশ ছিৰিয়াত ১৫৩.১৯ ছিৰিয়ান পাউণ্ড হয়। ইয়ে দুয়োখন দেশৰ মুদ্ৰাৰ মাজত পাৰ্থক্য প্ৰকাশ কৰে।

১ টকা

গতিকে প্ৰশ্ন হয়, ভাৰতৰ ১০০ টকা ছিৰিয়াত কিমান হয়। হিচাপ কৰি চালে দেখা যায় যে ভাৰতৰ ১০০ টকা ছিৰিয়াত ১৫,৩১৮ ছিৰিয়ান পাউণ্ড হয়।

১০০ টকা

ছিৰিয়াৰ মুদ্ৰা ছেন্ট্ৰেল বেংক অৱ ছিৰিয়াই নিয়ন্ত্ৰণ কৰে। ইয়ে মুদ্ৰাৰ লগত জড়িত বিভিন্ন গাইডলাইনো জাৰি কৰে।

নিয়ন্ত্ৰণ

ছিৰিয়াৰ আৰ্থিক অৱস্থা ভাল নহয়। শেহতীয়াকৈ দেশখনত সৃষ্টি হোৱা অৰাজকতাৰ পাছত পৰিস্থিতিৰ অধিক অৱনতি ঘটে। যোৱা ১৩ বছৰ ধৰি ছিৰিয়াত গৃহ যুদ্ধ চলি আছে।

আৰ্থিক অৱস্থা

পঢ়িবলৈ ক্লিক কৰক 

আচাৰ কোনে খাব নালাগে