TV9 ASSAM
হনুমানক পূজা কৰাৰ বাবে মঙলবাৰৰ দিনটো বিশেষ বুলি গণ্য কৰা হয়। কোৱা হয় এই দিনটোত হনুমানৰ জন্ম হৈছিল। এই দিনটোত পূজা কৰিলে বুদ্ধি, বিদ্যা, ধন, জ্ঞান আদিৰ আশীৰ্বাদ পোৱা যায়।
হনুমানৰ পূজাৰ বাবে কিছুমান বিশেষ সামগ্ৰীৰ প্ৰয়োজন। ইয়াৰ ভিতৰত- সেন্দূৰ, চমেলী তেল, ৰঙা ফুল, অক্ষত,ৰোলি, বুণ্ডিয়া লাড়ু, গুড়, বুট, হনুমান চালিচা, সুন্দৰকাণ্ড, বন্তি, ধূপ, ৰঙা কাপোৰ আদি।
এই দিনটোৰ দিনা পুৱা সোনকালে উঠি গা ধুই পৰিস্কাৰ কাপোৰ পৰিধান কৰক। তাৰ পাছতে হনুমানৰ ধ্যান কৰক। এই দিনটোত ব্ৰত ৰখা শুভ বুলি গণ্য কৰা হয়।
হনুমান মন্দিৰ বা ঘৰতে হনুমানক স্মৰণ কৰি পূজা কৰিব পাৰে। ইয়াৰ বাবে পূজাৰ প্ৰয়োজনীয়া সামগ্ৰী ব্যৱহাৰ কৰি হনুমানত তেওঁৰ প্ৰিয় বস্তু আগবঢ়াব। প্ৰসাদত বুণ্ডিয়া লাড়ু, গুড়, বুট আদি আগবঢ়াব পাৰে।
ইয়াৰ লগতে হনুমান চালিচা আৰু সুন্দৰকাণ্ড পাঠ কৰিব পাৰে। ইয়াৰ পাছতে আৰতী কৰি ৰাইজৰ মাজত প্ৰসাদ বিতৰণ কৰিব লাগে। মঙলবাৰৰ দিনটোত ৰঙা কাপোৰ পিন্ধি পূজা কৰা ভাল ।
দানক মহান কাম বুলি কোৱা হয়। মঙলবাৰৰ দিনটোত দান কৰিলেও শুভ ফল পোৱা যায় বুলি কোৱা হয়। গতিকে এই দিনটোত আপুনি খাদ্য, বস্ত্ৰ আদি দান কৰিব পাৰ।
হনুমান সন্তুষ্ট হ'লে ভক্তৰ মনৰ কামনা পূৰণ কৰে বুলি কোৱা হয়। লগতে ভক্তৰ ধন লাভ, বুদ্ধি লাভ আদি হয়। ইমানেই নহয়, হনুমানে ভক্তক সকলো বিপদৰ পৰা আঁতৰাই ৰাখে আৰু সফল জীৱন প্ৰদান কৰে।
পঢ়িবলৈ ক্লিক কৰক