মাত্ৰ ২৭ দিনৰ ভিতৰত এই ৫ গৰাকী তাৰকাই ঘোষণা কৰিলে অৱসৰ

2 June 2025

TV9 ASSAM

কাইলৈ সমাপ্তি ঘটিব আই পি এল ২০২৫ৰ। প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ প্ৰতিদ্বন্দিতাত নামিব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছ।

আই পি এল ২০২৫

প্ৰায় আঢ়ৈ মাহজোৰা এই প্ৰতিযোগিতাৰ মাজতে ক্ৰিকেটপ্ৰেমীৰ মনত শোকৰ সৃষ্টি কৰি বিশ্বৰ ৫ গৰাকী তাৰকা ক্ৰিকেটাৰে অৱসৰ ঘোষণা কৰে। চাওঁ আহক এই বিষয়ে।

অৱসৰ

বিগত বৰ্ষত টি-২০ বিশ্বকাপ জয়ৰ পিছতে ফৰ্মেটটোৰ পৰা অৱসৰ লোৱা ৰোহিত শৰ্মাই যোৱা ৭ মে’ত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লয়। এতিয়া তেওঁক কেৱল এদিনীয়াত দেখা যাব।

ৰোহিত শৰ্মা

কিংবদন্তি তাৰকা বিৰাট কোহলীয়েও ১২ মে’ত টেষ্ট ক্ৰিকেটক বিদায় দিয়ে। ৰোহিতৰ দৰে কোহলীয়েও টি-২০ বিশ্বকাপ জয়ৰ পিছতে এই ফৰ্মেটৰ পৰা অৱসৰ লৈছিল।

বিৰাট কোহলী

শ্ৰীলংকাৰ তাৰকা অলৰাউণ্ডাৰ এঞ্জেলো মেথিউজে যোৱা ২৩ মে’ত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। শ্ৰীলংকাৰ হৈ মেথিউছে ১১৮খন টেষ্টত ৮১৬৭ ৰান সংগ্ৰহ কৰে।

এঞ্জেলো মেথিউজ

অষ্ট্ৰেলিয়াৰ হৈ দুবাৰ এদিনীয়া বিশ্বকাপ জয় কৰা গ্লেন মেক্সৱেলে আজি এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লয়। এতিয়া তেওঁক কেৱল টি-২০তহে দেখা যাব।

গ্লেন মেক্সৱেল

হেইনৰিখ ক্লাচেনে আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দি সকলোৱে স্তম্ভিত কৰি তোলে। দক্ষিণ আফ্ৰিকাৰ হৈ ক্লাচেনে ৪খন টেষ্ট, ৬০খন এদিনীয়া আৰু ৫৮খন টি-২০ মেচ খেলিছে।

হেইনৰিখ ক্লাচেন

পঢ়িবলৈ ক্লিক কৰক 

নিশা ডাঙৰকৈ গান লগালে হ’ব এনে শাস্তি