25 July 2025
TV9 ASSAM
Photos Credit: Getty Images
যদি কঠোৰ পৰিশ্ৰম নকৰাকৈ ভাগৰুৱা অনুভৱ কৰে, তেন্তে বুজিব যে, আপোনাৰ শাৰীৰিক সমস্যা সৃষ্টি হৈছে। ই থাইৰয়ডৰ লক্ষণ হ'ব পাৰে।
থাইৰয়ড হৈছে ডিঙিত থকা সৰু গ্ৰন্থি, যিয়ে হৰম'ন উৎপাদন কৰি বিপাকীয় ক্ৰিয়া, শক্তি আৰু উষ্ণতা নিয়ন্ত্ৰণ কৰে।
আয়'ডিনৰ অভাৱ, মানসিক চাপ, হৰম'নৰ পৰিৱৰ্তন বা জিনীয় কাৰণত থাইৰয়ডৰ সমস্যা সৃষ্টি হ'ব পাৰে।
যেতিয়া থাইৰয়ডে হৰম'ন কম উৎপাদন কৰে, তেতিয়া শৰীৰৰ শক্তি লেহেমীয়া হয়। ফলত ভাগৰুৱা অনুভৱ হয়।
ওজন হ্ৰাস বা বৃদ্ধি পোৱা, চুলি সৰা, অত্যধিক গৰম বা ঠাণ্ডা অনুভৱ কৰা, ছাল শুকান হোৱা আৰু হৃদস্পন্দন পৰিৱৰ্তন হোৱা ইয়াৰ আন লক্ষণ।
যেতিয়া এই ধৰণৰ লক্ষণবোৰে দেখা দিব, লগে লগে চিকিৎকৰ পৰামৰ্শ গ্ৰহণ কৰি প্ৰয়োজনীয় চিকিৎসা ল'ব লাগে।
স্বাস্থ্যকৰ খাদ্য, পৰ্যাপ্ত টোপনি, মানসিক চাপ হ্ৰাস কৰা আৰু দৈনিক শৰীৰ চৰ্চাই এই সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক