অতি উত্তাপৰ ফলত চকুৰ অৱনতি ঘটিব পাৰে। তীব্ৰ ৰ’দ আৰু গৰমৰ ঢৌৱে চকুৰ ভয়াৱহ ক্ষতি কৰিব পাৰে ।
গৰমৰ দিনত চকুৰ সমস্যা বাঢ়ি যায়। শৰীৰৰ পানীলগা হোৱাৰ লগতে চকু শুকান হোৱাৰ সমস্যাও বাঢ়ি যায়। গতিকে এই সময়ত অতিৰিক্ত পানী খোৱাৰ লগতে চকুৰ অতিৰিক্ত যত্ন লোৱাটো জৰুৰী ।
পিঁয়াজে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, বহু গুণো আছে। পিঁয়াজত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। গতিকে বিশেষজ্ঞসকলে গৰমৰ পৰা হাত সাৰিবলৈ পিয়াঁজ খোৱাৰ পৰামৰ্শ দিয়ে ।
গ্ৰীষ্মকালত চকুৰ এলাৰ্জী বেছি হয়। ইয়াৰ ফলত চকুত খজুৱতি আৰু চকুত পানী ওলাব পাৰে। এই সকলোবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ গ্ৰীষ্মকালত চকুৰ বিশেষ যত্ন লওক ।
ৰ’দত ওলাই যোৱাৰ সময়ত ছানগ্লাছ পিন্ধিব লাগে। চকুক সম্পূৰ্ণৰূপে ঢাকি ৰখা আৰু UVA আৰু UVB সুৰক্ষা প্ৰদান কৰা ছানগ্লাছ পিন্ধক।
অতিৰিক্ত উষ্ণতা আৰু তাপে চকু শুকান হোৱাৰ সমস্যা বৃদ্ধি কৰিব পাৰে। গতিকে নিশ্চিতভাৱে গৰমত লুব্ৰিকেটিং আই ড্ৰপ ব্যৱহাৰ কৰক ।
গৰমৰ দিনত শৰীৰ সতেজ কৰি ৰাখিবলৈ সঘনাই পানী খোৱাৰ লগতে চকু দুটা হাইড্ৰেটেড কৰি ৰাখক। চকু দুটা ভালদৰে পৰিষ্কাৰ পানীৰে ধুব লাগে।
পঢ়িবলৈ ক্লিক কৰক