ভাৰতৰ ১ টকাৰ মূল্য পাকিস্তানত কিমান হয় জানেনে?

25  April 2025

TV9 ASSAM

পহলগাম ঘটনাৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা তীব্ৰগতিত বৃদ্ধি পাইছে। এই সময়চোৱাত দুয়োখন দেশে বিভিন্ন কঠোৰ সিদ্ধান্তও গ্ৰহণ কৰিছে।

ভাৰত-পাকিস্তান

ভাৰত-পাকিস্তানৰ মাজত বিভিন্ন দিশৰ ওপৰত পাৰ্থক্য আছে। ঠিক তেনেদৰে মুদ্ৰাৰ ওপৰতো আছে। ভাৰত আৰু পাকিস্তানী মুদ্ৰাৰ মূল্য বেলেগ বেলেগ। কাৰ মুদ্ৰাৰ মূল্য বেছি সেয়াও এক প্ৰশ্ন।

মুদ্ৰা

পাকিস্তানৰ মুদ্ৰাক সাংকেতিক ৰূপত PKR বুলি লিখা হয়। চুবুৰীয়া দেশখনৰ মুদ্ৰাক পাকিস্তানী ৰূপয়া (Pakistani rupee) বুলি কোৱা হয়। প্ৰতিখন দেশৰে মুদ্ৰাৰ নিজা নিজা সাংকেতিক ৰূপ থাকে।

মুদ্ৰা

ভাৰত আৰু পাকিস্তানৰ মাজত মুদ্ৰাৰ মূল্যৰ বহু পাৰ্থক্য আছে। ভাৰতৰ ১ টকাৰ মূল্য পাকিস্তানক ৩.২২ । গতিকে ভাৰতৰ মুদ্ৰাৰ মূল্য অধিক। প্ৰতিখন দেশৰে মুদ্ৰাৰ মূল্য বেলেগ বেলেগ।

ভাৰতৰ ১ টকা

ভাৰতৰ ১০০ টা পাকিস্তানক ৩২২ পাকিস্তানী টকা হয়। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজত থকা মুদ্ৰাৰ পাৰ্থক্যৰ কথা জানিব পাৰি। পাকিস্তানী নোট দেখিবলৈও পৃথক।

১০০ টকা

প্ৰত্যোক দেশৰ মুদ্ৰাক নিয়ন্ত্ৰণ কৰা বেংক আছে। পাকিস্তানী মুদ্ৰা ষ্টেট বেংক অৱ পাকিস্তানে নিয়ন্ত্ৰণ কৰে। ষ্টেট বেংক অৱ পাকিস্তানে নোট আৰু মুদ্ৰা সমূহ জাৰি কৰে।

নিয়ন্ত্ৰণ

পাকিস্তান ১৯৪৭ চনত গঠন হৈছিল আৰু ১৯৪৯ চনত তেওঁলোকে নিজৰ মুদ্ৰা গ্ৰহণ কৰিছিল। ইয়াত পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্নাৰ ফটো আছে।

কেতিয়াৰ পৰা

স্বাধীনতাৰ সময়ত ভাৰতে পাকিস্তানৰ মুদ্ৰা জাৰি কৰিছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকে পাকিস্তানৰ নোট আৰু মুদ্ৰা জাৰি কৰিছিল। ইয়াক লৈ দুয়োখন দেশৰ মাজত চুক্তিও স্বাক্ষৰ হৈছিল।

ভাৰত

পঢ়িবলৈ ক্লিক কৰক 

স্তনৰ কৰ্কট ৰোগৰ কাৰণ