26 October 2024
TV9 Assam
পোহৰৰ উৎসৱ দেৱালীত চাকি জ্বলোৱাৰ বিশেষ মহত্ব আছে। এই দিনটোত মানুহে ঘৰৰ লগতে ৰাস্তা-পদূলিটো চাকি জ্বলায়।
যদিও দীপাৱলী দিনা ঘৰৰ চৌদিশে চাকি জ্বলোৱা হয়। কিন্তু কিছুমান বিশেষ ঠাইত চাকি জ্বলোৱাটো প্ৰয়োজনীয়। এইটো বিশ্বাস কৰা হয় যে এনে কৰিলে দেৱী লক্ষ্মীৰ বাস হয়।
দীপাৱলীৰ পূজাৰ পিছত ঘৰৰ চোতালত চাকি জ্বলাওক। মনত ৰাখিব যে এই চাকি যাতে গোটেই ৰাতিটো জ্বলি থাকে।
দীপাৱলীৰ সন্ধিয়া ঘৰৰ মুখ্য দুৱাৰৰ দুয়োফালে চাকি জ্বলাওক। এই চাকিও যাতে গোটেই ৰাতিটো জ্বলি থাকিব লাগে।
দেৱালীত, ঘৰৰ চাৰিওফালে থকা কোনো এটা চাৰিআলিত ( দুটা ৰাস্তাই যোগ চিনৰ দৰে কটাকটি কৰা ঠাই) চাকি জ্বলাব লাগে। এইটো বিশ্বাস কৰা হয় যে ইয়াত চাকি জ্বলালে আৰ্থিক সমস্যা আঁতৰ হয়।
দেৱালীত তুলসী গছৰ তলত চাকি জ্বলাব লাগে। বিশ্বাস কৰা হয় যে এনে কৰিলে দেৱী লক্ষ্মীৰ লগতে ভগৱান বিষ্ণুৰ আশীৰ্বাদ লাভ হয়।
দীপাৱলীৰ পূজাৰ পিছত আঁহত গছৰ তলত এটা চাকি জ্বলাওক। বিশ্বাস কৰা হয় যে ই ধনসম্পৰ্কীয় সকলো সমস্যা আঁতৰ কৰে।