১৩ আগষ্ট, ২০২৪
Tv9 Assam
পৃথিৱীত এনে এখন চকী আছে য'ত বহাৰ লগে লগে মানুহৰ মৃত্যু হয়। এই চকীখনৰ ওপৰত অভিশাপ থকা বুলি কোৱা হয়।
এই চকীখন ইংলেণ্ডৰ এটা মিউজিয়ামত আছে। এই চকীখনক মানুহে ইমানেই ভয় কৰে যে এইখনত ওচৰৰ পৰা চাবলৈও ভয় কৰে।
কোৱা হয়, এই চকীখন ইংলেণ্ডৰ থমাছ বসবী নামৰ এজনৰ আছিল। সেই মানুহজনে এই চকীখন ইমানেই ভাল পাইছিল যে আন কোনোৱে ইয়াত বহ তেওঁ বিচৰা নাছিল।
এবাৰ লোকজনৰ শহুৰেক এই চকীখনত বহিছিল। যাৰ বাবে বসবীৰ অত্যন্ত খং উঠিছিল আৰু তেওঁ শহুৰেকক হত্যা কৰিছিল।
হত্যাৰ অপৰাধত বসবীৰ ফাঁচী হয়। ফাঁচীৰ পূৰ্বে তেওঁ অভিশাপ দিছিল যে কোনোলোকে এই চকীখনত বহিলে তেওঁৰ মৃত্যু হ'ব। ৩০০ বছৰৰ অধিক পুৰণি এই ঘটনা।
জানিব পৰা মতে এই চকীত বহিব চেষ্টা কৰা বাবে এতিয়ালৈকে প্ৰায় ৬৩ জনলোকৰ মৃত্যু হৈছে। তাৰ পাছতেই এই চকীখন মিউজিয়ামত ওলোমাই ৰখা হয়।
পঢ়িবলৈ ক্লিক কৰক