ওঁঁঠৰ কাষৰ ক'লা দাগ আঁতৰ কৰাৰ সহজ উপায়...

7 AUG 2025

TV9 ASSAM

ধুনীয় হ'ব কোনে নিবিচাৰে। যাৰ বাবে বহুতে বহু টকা খৰচ কৰে। কিন্তু ইয়াৰ পাছত ছালত কিছুমান সমস্যা হোৱা দেখা যায়।

সৌন্দৰ্য

বহু যুৱতীৰ ওঁঠ ক'লা থাকে। ইয়াৰোপৰি কিছুমানৰ আকৌ ওঁঠৰ আশে-পাশে ক'লা পৰা দেখা যায়। যিয়ে মানুহৰ সৌন্দৰ্যত প্ৰভাৱ পেলায়।

ওঁঠ

কিছুমান বিশেষ উপায়ৰ দ্বাৰা এই ক'লা দাগ নোহোৱা কৰিব পাৰি। আপুনি বিলাহী এটা কাটি লৈ ওঁঠৰ চাৰিওফালে ঘহি দিব আৰু ১০ মিনিট পাছত মুখখন ধুই দিব।

বিলাহী

মৌৰ লগত নেমু ৰস মিহলি কৰি ওঁঠৰ আশে পাশে লগাব। ১০ মিনিট পাছত ইয়াক ধুই দিব। ই দাগ আঁতৰ কৰাত সহায় কৰিব।

নেমু আৰু মৌ

অলপমান হালধিত নাৰিকল তেল মিহলি কৰিব। পাছত সেইখিনি ওঁঠৰ আশে পাশে ঘহি দিব। কিছুসময় পাছত ইয়াক ধুই দিব। মন কৰিব হালধিত ৰাসায়নিক দ্ৰব্য মিহলি কৰা হ'ব নালাগিব।

নাৰিকল তেল, হালধি

নেমুৰ বাকলিও ছালৰ বাবে উপকাৰী। ৰসতো ওলোৱাৰ পাছত বাকলি ওঁঠৰ চাৰিওফালে ঘহি দিব। পাছত মুখখন ধুই দিব।

নেমু বাকলি

বাদাম তেল ছালৰ বাবে ভাল। নিশা শুৱাৰ পবৰ্বে বাদাল তেল ক'লা পৰা ঠাইখিনিত মালিচ কৰিব। ইয়াৰ ফলত দাগ কমি যাব। ইয়াৰোপৰি সৌন্দৰ্যৰ বাবে দিনটোত পৰ্যাপ্ত পানী খাব লাগে।

বাদাম তেল

পঢ়িবলৈ ক্লিক কৰক 

বেয়া কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ