প্ৰদূষণমুক্ত দীপাৱলীৰ আনন্দ লওঁ আহক

29 Oct 2024

TV9 ASSAM

দেশবাসীয়ে অতি আনন্দৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰে । এই দীপাৱলীতে মানুহৰ মাজৰ সম্প্ৰীতি প্ৰতিফলিত হয় ।

সম্প্ৰীতি প্ৰতিফলন

দীপাৱলীৰ আনন্দৰ মাজতে প্ৰদূষণমুক্ত এটা পৰিৱেশ বজাই ৰখাটো আমাৰ সকলোৰে দায়িত্ব । ইয়াৰ বাবে পুৰণি পৰম্পৰাৰে আমি দীপাৱলী উদযাপন কৰিব পাৰো ।

প্ৰদূষণমুক্ত পৰিৱেশ

দীপাৱলীৰ নিশা ৰঙীন লাইট, চাকি বা প্লাষ্টিকৰ চাকি ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে মাটিৰ চাকি ব্যৱহাৰ কৰো আহক।

মাটিৰ চাকি

দীপাৱলীত ফটকা ফাটোৱা পৰম্পৰা শতিকা পুৰণি যদিও ইয়াৰ বাবে এতিয়া বায়ু প্ৰদূষণ বাঢ়িছে । এইবাৰ আতচবাজীৰ অবিহনে দীপাৱলীৰ আনন্দ লওঁ আহক ।

আতচবাজীৰ অবিহনে

দীপাৱলীৰ দিনা ঘৰত ৰংগলি বনোৱাৰ পৰম্পৰাও অতি পুৰণি । বাগিচাৰ ফুল, হালধিৰ ৰং আদিৰে ৰংগলি বনাওক ।

ৰংগলি

দীপাৱলীৰ দিনা ঘৰ সজাবলৈ প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ কমাই ঘৰুৱা সামগ্ৰীৰ ব্যৱহাৰ কৰক । যেনে-কল পুলি ।

প্লাষ্টিকৰ সামগ্ৰী

দীপাৱলীৰ দিনা ইজনে সিজনৰ ঘৰলৈ মিঠাই আৰু উপহাৰ নিয়াৰ সময়ত প্লাষ্টিকৰ বেগৰ সলনি কাগজৰ বেগ ব্যৱহাৰ কৰক ।

কাগজৰ বেগ

পঢ়িবলৈ ক্লিক কৰক

দীপাৱলীৰ সময়ত ভাগ্য় ফুলিব এই ৫ ৰাশিৰ