TV9 ASSAM
কিছুলোকে দীৰ্ঘদিন ধৰি কাহৰ সমস্যাত ভুগি থকা দেখা যায়। এনেক্ষেত্ৰত কিছুমান পৰম্পৰাগত ঔষধে বিশেষভাৱে সহায় কৰিব পাৰে।
পাণ জ্বলাই সেই ছাই মৌৰ লগত মিহলাই ঔষধ হিচাপে গ্ৰহণ কৰাৰ পৰম্পৰা বহু স্থানত আছে। চাওঁ আহক এই ঔষধিৰ গুণৰ বিষয়ে।
আয়ুৰ্বেদত শ্বাস-প্ৰশ্বাসজনিত সমস্যা, যেনে- কাহ, ব্ৰংকাইটিছ আদিৰ বাবে পাণ ব্যৱহাৰ কৰা হয়। ইয়াৰ কফ প্ৰতিৰোধী গুণে কফ আঁতৰোৱাত সহায় কৰে।
পাণত এণ্টিমাইক্ৰ’বিয়াল আৰু এণ্টি-ইনফ্লেমেটৰী যৌগ থাকে, যি বীজাণু নিধন কৰাত সহায় কৰে আৰু ডিঙিৰ প্ৰদাহ কমায়।
মৌৱে প্ৰাকৃতিক কাহ নিৰাময়ক হিচাপে কাম কৰে। মৌৱ ডিঙিৰ প্ৰদাহযুক্ত কলাবোৰত সুৰক্ষামূলক স্তৰ সৃষ্টি কৰে বাবে ডিঙিৰ বিষ কমায় আৰু কাহ নিৰাময় হয়।
মৌৰ প্ৰাকৃতিক এণ্টিমাইক্ৰ’বিয়াল গুণ আছে, যি সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
ইউৰিক এচিড বৃদ্ধি পালে কি খাব নালাগে?