21 JUNE 2025
TV9 ASSAM
বহু লোক নিয়মিতভাৱে পেট ফুলা বা হাৰ্টবাৰ্ণ, গেছৰ সমস্যাত ভুগি থাকে। বহু লোক কোষ্ঠকাঠিন্য ৰোগতো ভোগে। কিন্তু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কেৱল ঔষধ নহয়, গেচেণ্টেৰ’লজিষ্টৰ মতে এই ক্ষেত্ৰত ইয়াচ উল্লেখ কৰা ফলসমূহ উপকাৰী।
বিশেষজ্ঞসকলৰ মতে কিউইত আঁহ আৰু এক্টিনিডিন নামৰ পাচন এনজাইম থাকে। যিয়ে হজম শক্তিত সহায় কৰে। ফলত পেটৰ সমস্যা কমি যায়।
ড্ৰেগন ফ্ৰুটত প্ৰিবায়টিক ফাইবাৰ আৰু প্ৰচুৰ পৰিমাণে পানী থাকে। যিয়ে কোষ্ঠকাঠিন্য আৰু পেট ফুলাৰ অস্বস্তি দূৰ কৰাত সহায় কৰে।
নাচপতিত ছৰবিটল নামৰ প্ৰাকৃতিক চেনিৰ এলকহল থাকে, যিয়ে প্ৰাকৃতিক ৰেচক হিচাপে কাম কৰে। ইয়াৰ উপৰিও ইয়াত উচ্চ মাত্ৰাৰ দ্ৰৱণীয় আৰু অদ্ৰৱণীয় আঁহ থাকে।কোষ্ঠকাঠিন্যৰ বাবে এই ফল উপকাৰী।
প্ৰতিদিনে এটা আপেল খালেও কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিব পাৰি। ইয়াত উচ্চ মাত্ৰাৰ আঁহ থাকে। অদ্ৰৱণীয় আঁহে মলৰ আয়তন বৃদ্ধি কৰে আৰু দ্ৰৱণীয় আঁহে মল কোমল কৰে।
অমিতাত পেপেইন নামৰ পাচক এনজাইম থাকে। যিয়ে প্ৰটিন ভাঙি পেলোৱাত সহায় কৰে। ফলত পাচনতন্ত্ৰৰ সমস্যা যেনে পেট ফুলা বা অস্বস্তি কমি যায়, আৰু কোষ্ঠকাঠিন্যৰ পৰা উপশম পায়।
বেৰী এই ক্ষেত্ৰত যথেষ্ট উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ থাকে। যিটো কোষ্ঠকাঠিন্য বা পেট ফুলাৰ বাবে অতি উপকাৰী।
চাবলৈ ক্লিক কৰক