TV9 ASSAM
হিন্দু ধৰ্মত মন্দিৰ যোৱাটো শুভ বুলি কোৱা হয়। কিছুমান লোকৰ বাবে মন্দিৰ যোৱাটো দৈনন্দিন কাৰ্য।
সাধাৰণতে সদায় মন্দিৰলৈ গ'লে ভগৱানৰ আশীৰ্বাদ পোৱা যায় বুলি মানুহে বিশ্বাস কৰে। কিন্তু জ্যেতিষ শাস্ত্ৰ অনুসৰি ইয়াৰ আন বহুত লাভ আছে।
সদায় মন্দিৰলৈ গ'লে শাৰীৰিক আৰু মানসিক শান্তি পোৱা যায়। যাৰ বাবে এজন ব্যক্তিৰ আত্মবিশ্বাস বৃদ্ধি হয়। লগতে দুখ দূৰ হয়।
মন্দিৰলৈ গৈ ভক্তসকলে বিভিন্ন নিয়মবোৰ অনুসৰণৰ লগতে ব্ৰত পালন কৰে। ইয়াৰ লগতে এজন ব্যক্তিৰ ভাল খাদ্যভ্যাগৰ দ্বাৰা ৰোগ নিৰাময় কৰিব পাৰে।
মন্দিৰত বজোৱা ঘণ্টাৰ ধ্বনিয়ে মানসিক শান্তি আনে। যাৰ বাবে সকলো চাপ দূৰ হয়। ইয়ে ইতিবাচক শক্তি বৰ্তাই ৰাখে।
সদায় মন্দিৰলৈ যোৱা ব্য়ক্তিসকলৰ ওপৰত গ্ৰহ-নক্ষত্ৰৰ বেয়া দৃষ্টি নপৰে। ভগৱানে সকলো গ্ৰহ দোষৰ পৰা ভক্তক ৰক্ষা কৰে।
বিশ্বাস কৰা হয় যে, সদায় মন্দিৰলৈ গ'লে আৰু সম্পূৰ্ণ ভক্তি ভাৱেৰে ভগৱানৰ পূজা-অৰ্চনা কৰিলে মনোকামনা সিদ্ধি হয়।
চাবলৈ ক্লিক কৰক