January 21, 2026
TV9 ASSAM
ৰন্ধন প্ৰণালীত প্ৰতিখন আঞ্জাৰে সুগন্ধিৰ লগতে সুস্বাদু কৰি তোলে তেজপাতে। কেৱল ৰন্ধনতেই নহয় ইয়াৰ আছে বহু উপকাৰী গুণ।
তেজপাত প্ৰধানকৈ মাংস, পোলাও, তৰকাৰী, পায়স, চাহ আদিত ব্যৱহাৰ হয়; ইয়াৰ উপৰিও ই ডায়েবেটিচ, মূৰৰ বিষ, অনিদ্ৰা, চুলিৰ সমস্যাকে ধৰি বিভিন্ন স্বাস্থ্য সমস্যাত উপকাৰী
তেজপাতত বেক্টেৰিয়া-ৰোধী গুণাগুণ থাকে, যি ভেঁকুৰ আৰু ইষ্ট সংক্ৰমণ হ্ৰাস কৰাত সহায়ক হয়।
যদি শৰীৰৰ যিকোনো অংশত ছালৰ এলাৰ্জি বা সংক্ৰমণ হয়, আপুনি তেজপাতৰ তেল প্ৰয়োগ কৰি সকাহ পাব পাৰে।
যদি তেজপাত জ্বলাই ধোৱা কৰে, তেন্তে ঘৰৰ ভিতৰত থকা সকলো মহ আঁতৰি যায়।
তেজপাতৰ পানী পুৱা খালী পেটত খালে পাচনৰ সমস্যা দূৰ হয় আৰু শৰীৰ সতেজ হৈ থাকে।
তেজপাতৰ পানী আপুনি টোনাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে। ই আপোনাৰ ছাল উজ্জ্বল কৰাত সহায় কৰে।
পঢ়িবলৈ ক্লিক কৰক