এই ৮টা সমস্যা হ’ব পাৰে কিডনী ষ্ট’নৰ আগতীয়া লক্ষণ

5 DEC 2025

TV9 ASSAM

প্ৰস্ৰাৱত কেলচিয়াম, ফছফৰাছ, অক্সালেটৰ পৰিমাণ অধিক হ’লে কিডনী ষ্ট’ন হয়। এই সমস্যা হ’লে কিছুমান লক্ষণে দেখা দিয়ে। চাওক এইবিষয়ে।

কিডনী ষ্ট’ন

কিডনীৰ ষ্ট’নে প্ৰস্ৰাৱ নলীৰ সুক্ষ্ম আৱৰণখনত প্ৰদাহৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলত জ্বলা-পোৰা আৰু বিষৰ সমস্যা হয় আৰু UTIsৰ সম্ভাৱনা বৃদ্ধি কৰে।

প্ৰস্ৰাৱত জ্বলা-পোৰা

হেমেচুৰিয়া কিডনী ষ্ট’নৰ আন এক লক্ষণ। ইয়াৰ ফলত প্ৰস্ৰাৱ নলীৰ সৰু সৰু ৰক্তবাহী নলীবোৰ ফাটি প্ৰস্ৰাৱ ৰঙা, বাদামী বা গোলাপী ৰঙৰ দেখাব পাৰে।

হেমেচুৰিয়া

কিডনী ষ্ট’ন মূত্ৰনলীৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত তীব্ৰ বিষ হ’ব পাৰে, ইয়াৰ ফলত কেতিয়াবা বমিও হ’ব পাৰে।

বমি হোৱা

কিডনী ষ্ট’নে মূত্ৰনলী বন্ধ কৰি দিয়াৰ ফলত প্ৰস্ৰাৱ কৰাত অসুবিধা হয়। মূত্ৰনলী মুকলি কৰাৰ প্ৰয়াসত ইউৰেটাৰত স্পাজম হয়, যাৰ ফলত তীব্ৰ বিষ হয়।

পিঠি, পেট বিষ

কিডনী ষ্ট’ন হ’লে UTIsৰ সম্ভাৱনা বৃদ্ধি পায়। এই ষ্ট’নে ব্লকেজৰ সৃষ্টি কৰাৰ বাবে প্ৰস্ৰাৱত থকা বেক্টেৰিয়া বাঢ়ি যায়, ইয়াৰ ফলত দুৰ্গন্ধ ওলায়।

প্ৰস্ৰাৱৰ গোন্ধ

পাথৰৰ ফলত মূত্ৰনলী বন্ধ হৈ পৰে, প্ৰস্ৰাৱৰ ধৰণ সলনি হয় আৰু প্ৰস্ৰাৱ নলীত স্পাজম হয়। ইয়াৰ ফলত প্ৰস্ৰাৱৰ প্ৰবাহ বাধাপ্ৰাপ্ত হয়।

কম পৰিমাণৰ প্ৰস্ৰাৱ

পাথৰবোৰে মূত্ৰনলীৰ সুক্ষ্ম আৱৰণখনত প্ৰদাহৰ সৃষ্টি কৰাৰ লগে লগে মূত্ৰাশয় ভৰ্তি নহ’লেও সঘনাই প্ৰস্ৰাৱ কৰিব লাগে।

সঘনাই প্ৰস্ৰাৱ লগা

জ্বৰ বৃক্কৰ পাথৰৰ আন এক সাধাৰণ লক্ষণ। পাথৰে বন্ধ কৰি দিব পাৰে বাবে বেক্টেৰিয়া বৃদ্ধি পায়। ইয়াৰ ফলত জ্বৰ হ’ব পাৰে।

জ্বৰ

পঢ়িবলৈ ক্লিক কৰক 

হিম'গ্লবিন কমিলে দেহত দেখা দিয়ে এই ৭টা লক্ষণে