কিডনী সংক্ৰমণৰ ৫ টা গুৰুতৰ লক্ষণ

29 Jan 2026

TV9 ASSAM

বৃক্ক সংক্ৰমণৰ ফলত শৰীৰত বিভিন্ন লক্ষণে দেখা দিব পাৰে। বিশেষজ্ঞৰ মতে, এই লক্ষণবোৰ একেবাৰে সহজভাৱে ল’ব নালাগে।

বৃক্ক সংক্ৰমণ

বৃক্ক সংক্ৰমণৰ ফলত আপোনাৰ তীব্ৰ জ্বৰ উঠিব পাৰে। লগতে অতি মাত্ৰা ঠাণ্ডা অনুভৱ কৰিব পাৰে।

তীব্ৰ জ্বৰ

বৃক্ক সংক্ৰমণৰ আন এটা গুৰুতৰ লক্ষণ হৈছে বিষ। বৃক্ক সংক্ৰমণৰ ফলত তীব্ৰ কঁকাল বা পিঠিৰ বিষ হ’ব পাৰে। এই লক্ষণ একেবাৰে আওকাণ নকৰিব।

পিঠিৰ বিষ

প্ৰস্ৰাৱ কৰাৰ সময়ত জলা-পোৰা কৰা বৃক্ক সংক্ৰমণৰ আন এটা লক্ষণ। ইয়াৰ লগতে আপোনাৰ সঘনাই প্ৰস্ৰাৱ কৰা বা অতি কম প্ৰস্ৰাৱ হ’ব পাৰে।

প্ৰস্ৰাৱ জলা-পোৰা

প্ৰস্ৰাৱৰ দুৰ্গন্ধ ওলোৱা আৰু প্ৰস্ৰাৱ কৰোঁতে অধিক ফেন উঠাও বৃক্ক সংক্ৰমণৰ লক্ষণ। তদুপৰি সময়ে সময়ে আপোনাৰ প্ৰস্ৰাৱত তেজ যাব পাৰে।

প্ৰস্ৰাৱৰ দুৰ্গন্ধ

বৃক্ক সংক্ৰমণৰ ফলত আপুনি অধিক দুৰ্বলতা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। যিটো লক্ষণ সহজভাৱে ল’ব নালাগে।

দুৰ্বলতা আৰু ভাগৰুৱা

তদুপৰি মূৰ ঘূৰোৱা, ৰক্তচাপ কমি যোৱাও ইয়াৰ লক্ষণ। গতিকে এই লক্ষণবোৰে দেখা দিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

মূৰ ঘূৰোৱা

লিভাৰ চিৰ’ছিছৰ লক্ষণ