TV9 ASSAM
বাবা ভাংগা এগৰাকী এনে মহিলা আছিল যি চকুৰে দেখা পোৱা নাছিল কিন্তু তেওঁ বিশ্বক লৈ বহু ভৱিষ্যতবাণী কৰি থৈ গৈছে। ইয়াৰ ভিতৰত কিছুমান ভৱিষ্যতবাণী সঁচা প্ৰমাণ হৈছে।
দ্বিতীয় বিশ্ব যুদ্ধক লৈ বাবা ভাংগাই কৰা ভৱিষ্যদ্বাণী সঁচা হৈছিল। বাবা ভাংগাই ছোভিয়েট ইউনিয়ন, চেকোশ্লোভাকিয়া আৰু যুগোশ্লোভিয়া বিভাজনৰ ভৱিষ্যদ্বাণী কৰিছিল।
বাবা ভাংগাই বিপ্লৱী আৰু ৰাজনীতিবিদ ষ্টেলিনৰ মৃত্যুৰ তাৰিখ কৈছিল। ইয়াৰোপৰি তেওঁ জাৰ বোৰিছ তৃতীয়ৰ মৃত্যুৰ তাৰিখো কৈছিল।
বাবা ভাংগাই ৰাছিয়াৰ চাবমেৰিন কুছৰাক ডুবিব বুলি ভৱিষ্যদ্বাণী কৰিছিল। ইয়াৰ লগতে ৰাজকুমাৰী ডায়েনাৰ মৃত্যুৰ তাৰিখো তেওঁ কৈ গৈছিল।
আমেৰিকাত ১১ ছেপ্টেম্পৰত হোৱা আক্ৰমণৰ কথা বাবা ভাংগাই কৈ গৈছিল। ২০০৫ চনৰ ভাৰত মহাসাগৰত ছুনামীৰ বিষয়ে ভৱিষ্যদ্বাণী কৰি গৈছিল।
১৯৮৫ চনত উত্তৰী বলহাৰিয়াত ভূমিকম্পৰ বিষয়ে বাবা ভাংগাই ভৱিষ্যদ্বাণী কৰিছিল। ইয়াৰ লগতে তেওঁ চেৰ্নোবিল পাৰমাণৱিক দুৰ্ঘটনাৰ বিষয়েও ভৱিষ্যদ্বাণী কৰিছিল।
গতিকে এনে বহু ভৱিষ্যদ্বাণী আছে যি সঁচা প্ৰমাণিত হৈছে আৰু কিছুমান প্ৰমাণিত হোৱা নাই। বাবা ভাংগাৰ ওপৰত একাংশ মানুহৰ বিশ্বাস আছে।
পঢ়িবলৈ ক্লিক কৰক