পাঠশালাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ২৭ ফুট দৈৰ্ঘ আৰু ২০ ফুট বহলৰ বৃহৎ মুখ মণ্ডলৰ ছবি অংকন। ৫০ সংখ্যক পাঠশালা ৰাস মহোৎসৱ উপলক্ষে অংকন কৰা হৈছে বৃহৎ ছবিখন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰি সংবাদ মাধ্যমৰ আগত কান্দি উঠিল চিত্ৰশিল্পী। এতিয়া পাঠশালা ৰাস মহোৎসৱৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে জুবিন গাৰ্গৰ বৃহৎ ছবিখন। বজালী আৰ্ট নামৰ প্ৰতিষ্ঠানটোৰ চাৰিজন শিল্পীয়ে ২ দিনত অংকন কৰি উলিয়াইছে ছবিখন।