যোৱা ১৯ ছেপ্টেম্বৰত ৰহস্যজনক অৱস্থাত মৃত্যুক সাৱতি হৈছিল জুবিন গাৰ্গে। আজি তেওঁৰ মৃত্যুৰ ১৩ দিন সম্পূৰ্ণ হ'ল। এই দিনটোতে যোৰহাটত আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হয়। এনে পৰিস্থিতিত আজি যোৰহাটত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। তেওঁ গৰিমা শইকীয়া গাৰ্গৰ সৈতেও মত ব্যক্ত কৰে। ইয়াৰোপৰি আজি জুবিনৰ আদ্যশ্ৰাদ্ধত বিভিন্নজনে যোৰহাটত উপস্থিত হৈ তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।