ওদালগুৰি জিলাৰ কলাইগাওঁ ৰণঠলী ষ্টেডিয়ামত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , আছুৰ কলাইগাও আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঘ্য অনুষ্ঠানৰ লগত সংগতি ৰাখি সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। প্ৰানৰ শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন ,বন্তি প্ৰজ্বলন, সৰ্বধৰ্ম প্ৰাৰ্থনা, কোৰান পাঠ, বাইবেল ,গীতা পাঠ ,আৰচ আদি অনুষ্ঠিত হয়। ইয়াৰ পাছতে ২৯ অক্টোবৰত ৫০০০ ৰো অধিক মহিলাই একেলগে প্ৰানৰ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মায়াবিনি গীতটো পৰিবেশন কৰে।