দীৰ্ঘদিন দুৰাৰোগ্য ৰোগেৰে যুঁজি মৃত্যুক সাৱতি ল'লে বাঁহীবাদক দীপক শৰ্মাই। সোমবাৰে চেন্নাইত চিকিৎসাধীন অৱস্থাত পুৱা ৬.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে। তাৰ পাছতে তেওঁৰ নশ্বৰ দেহ অসমলৈ অনা হয়। দীপক শৰ্মাৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে অনুৰাগী। তেওঁৰ বহু অনুৰাগীয়ে বাঁহী বজাই মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ শেষকৃত অনুষ্ঠানত বহু আত্মীয় তথা অনুৰাগীয়ে অংশগ্ৰহণ কৰে।