আজি ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠগৰাকীৰ মৃত্যু বার্ষিকী উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ প্রশাসনে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। নগাঁৱত সহস্ৰাধিক লোকে সমস্বৰে গালে 'মানুহে মানুহৰ বাবে'।