পুনৰ জনজাতিকৰণৰ দাবীত সোণাৰিত প্ৰতিবাদ। হাজাৰ হাজাৰ লোকে সোণাৰিত আজি প্ৰতিবাদ সাব্যস্ত কৰে। শীঘ্ৰেই জনজাতিকৰণ দিয়ক, আমাৰ দাবী মানিবই লাগিব আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰায় ৩ হাজাৰ লোকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে। দাবী মানি নল'লে পৰৱৰ্তী সময়ত পৰিস্থিতি আৰু ভয়ংকৰ হ'ব বুলি কয় প্ৰতিবাদকাৰীসকলে।