লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেল দেৱৰ ১৫০ বছৰীয়া জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা হয় 'একতাৰ যাত্ৰা'। ইয়াৰ লগত সংগতি ৰাখি আজি গোলাঘাটতো পালন কৰা হয় এই একতাৰ যাত্ৰা। উল্লেখ্য যে, কিছুদিন পূৰ্বে চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশতে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় ঐক্য দিৱস। গুজৰাটৰ একতা নগৰস্থিত ঐক্যৰ মূৰ্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছিল।