শ্ৰীভূমিত ধাৰাবাহিক ভাৱে অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এটা সপ্তাহৰ ভিতৰতে আৰক্ষীৰ অভিযানত জব্দ হৈছে প্ৰায় চাৰি কোটি টকা মূল্যৰ গাঞ্জা। এইবাৰ পুনৰ পাথাৰকান্দিৰ সোনাখিৰা এলেকাৰ পৰা জব্দ হৈছে ২৫৫ কিলোগ্ৰাম গাঞ্জা। জব্দ হোৱা গাঞ্জা খিনিৰ বজাৰ মূল্য হ'ব ডেৰ কোটি টকা। TR 05 F 0465 নম্বৰৰ এখন টাটা পাঞ্চ বাহনৰ ভিতৰৰ পৰা উদ্ধাৰ হয় ৫৫ পেকেট গাঞ্জা।