বুধবাৰৰ দিনটো মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ এক কলা অধ্যায় হিচাপে খোদিত হ’ল। বাৰামটি বিমানবন্দৰৰ সমীপত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পিৰ মুৰব্বী অজিত পাৱাৰৰ চাৰ্টাৰ্ড বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই হৃদয়বিদাৰক দুৰ্ঘটনাত অজিত পাৱাৰকে ধৰি বিমানত থকা ৫ জন লোকৰ মৃত্যু হয়। বিমানখনত আছিল অভিজ্ঞ পাইলট কেপ্তেইন সুমিত কাপুৰ আৰু ফাৰ্ষ্ট অফিচাৰ সম্ভৱী পাঠক, আনহাতে পিংকি মালী আছিল বিমান পৰিচাৰিকা।