আজি শিশু দিৱস। প্ৰতিবছৰে দেশত ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ প্ৰাক্তন তথা প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মবাৰ্ষিকীত এই দিৱস পালন কৰা হয়। এই দিনটোত দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়, মহাবিদ্যালয় আদিত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। শিশু দিৱসৰ এই ক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখা যায় কণ কণ শিশুৰ সৈতে। উল্লেখ্য যে, শিশুৰ মাজত তেওঁ মামা হিচাপে জনপ্ৰিয়।