প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ড সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, "জুবিন গাৰ্গৰ হত্যাকাণ্ড সন্দৰ্ভত ছাৰ্জশ্বীট ১৭ ডিচেম্বৰৰ আগত দাখিল কৰা হ'ব। ৮ তাৰিখৰ ভিতৰত দাখিল কৰাৰ চেষ্টা কৰা হ'ব। আমি প্ৰস্তুত। এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও আলোচনাত মিলিত হৈছো। বিদেশত কিবা হ'লে ছাৰ্জশ্বীটৰ বাবে গৃহমন্ত্ৰালয়ৰ অনুমোদ লাগে। গতিকে আমি এই সন্দৰ্ভত অনুমোদন পাম"।