জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালেৰ পাইৰেচী সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, ৰৈ ৰৈ বিনালেৰ পাইৰেচীক লৈ আমি চিন্তিত। আইনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰোপৰি অসমৰ ৰাইজক এনে নকৰিবলৈ আহ্বান জনাই শৰ্মাই। লগতে যদি কোনোবাই পাইৰেচী কৰা গম পাই তেন্তে ওচৰৰ থানাত খবৰ দিবলৈ আহ্বান জনায়। উল্লেখ্য যে, ৰৈ ৰৈ বিনালে টীমৰ আহ্বানৰ পাছতো একাংশই ছবিখনৰ পাইৰেচী কৰি আছে। বহু ৱেবচাইটত আপলোড কৰিছে ছবিখন। ইতিমধ্যে ইয়াক লৈ এজাহাৰো দাখিল কৰা হৈছে।