বিহাৰৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত মন্তব্য প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, বিহাৰৰ নিৰ্বাচনী ফলাফল বেলট বক্সত আছে। ইয়াক ইয়াৰ বিষয়ে প্ৰশ্ন কৰি কি লাভ। মই নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত আছিলো আৰু সেয়া কৰি আহিছো। উল্লেখ্য যে, এইবাৰ বিহাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ষ্টাৰ কেম্পেইনাৰ আছিল। তেওঁ কেইবাখনো সভা সম্বোধন কৰি প্ৰচাৰ চলাইছিল। এনে ক্ষেত্ৰত সাংবাদিকে কৰা প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে এই উত্তৰ প্ৰদান কৰে। উল্লেখ্য যে, বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ চকু সকলোৰে আছে।