অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে, অসমৰ ৪০ শতাংশ লোক আগ্ৰাসী। তেওঁলোকে আমাৰ দৰে সাধাৰণ নহয়। বিজেপি চৰকাৰ থকাৰ পাছতো তেওঁলোকে সামাজিক মাধ্যমত বিভিন্ন ডাঙৰ মন্তব্য কৰে। ইয়াৰোপৰি এনে লোকসকলে অসমৰ জনগাঁথনি পৰিৱৰ্তন কৰিব বুলিও কয় শৰ্মাই। ইয়াৰ বাবে তেওঁ অসমীয়াক একত্ৰিত হ'ব লাগিব বুলি কয়।