আজি বাক্সাত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। শৰ্মাই কয় যে, চৰকাৰে জুবিন গাৰ্গৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিব। জুবিন গাৰ্গৰ স্মৃতিত প্ৰতিটো সমষ্টিত সংগীতৰ স্কুল, কলেজ স্থাপন কৰা হ'ব। জুবিনৰ প্ৰতিমূৰ্তি স্থাপন কৰিব বুলিও কয় শৰ্মাই। লগতে কয় যে, আমি জুবিনৰ সৃষ্টিৰাজিক জীয়াই থাকিব লাগিব। ইয়াৰোপৰি জুবিনে ১০০ শতাংশই ন্যায় পাব। এয়া মোৰ সংকল্প। ন্যায় দিহে এৰিম বুলি কয় মুখ্যমন্ত্ৰীয়ে।