মই থকালৈকে অসমত অবৈধ মিঞাৰ শান্তি নাইঃ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সোমবাৰে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি শৰ্মাই এই মন্তব্য কৰে। শৰ্মাই কয় যে, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অবৈধ মিঞাৰ শান্তি নাই। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাপায়। গতিকে মই থকালৈকে অবৈধ মিঞাই চিন্তান থাকিবই লাগিব। মই নাথাকিলে বেলেগ কথা। উল্লেখ্য যে, এয়াই প্ৰথম নহয়, প্ৰায়ে মুখ্যমন্ত্ৰীগৰাকীয়ে অবৈধ অনুপ্ৰৱেশকাৰীক লৈ এনেদৰে মন্তব্য কৰা দেখা যায়।