মহানগৰীৰ কাহিলীপাৰাৰ ভগদত্তপুৰৰ মন্দিৰত চুৰিকাণ্ডৰ ঘটনা। চোৰে লুটি নিলে মন্দিৰৰ সামগ্ৰীৰ লগতে ১৪ হাজাৰ টকাৰ নগদ ধন। স্থানীয় লোকে অভিযোগ উত্থাপন কৰে যে, ভগদত্তপুৰ আৰক্ষীৰ হেমাহীৰ বাবে সঘনাই হয় কাহিলীপাৰাত চুৰিকাণ্ড। এই ঘটনাৰ পাছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। পাছত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। ভগদত্তপুৰ আৰক্ষী আৰু ফৰেন্সিকৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰি আছে। ইতিমধ্যে চিচিটিভি ফুটেজ উদ্ধাৰ হৈছে। এই চিচিটিভি ফুটেজত বন্দী হৈছে চুৰি কৰিবলৈ অহা সমগ্ৰ দৃশ্য।