জুবিন গাৰ্গৰ কথা ৰাখিলে গৰিমা শইকীয়া গাৰ্গে। প্ৰাণৰ শিল্পীগৰাকীৰ চিতাভস্ম বিসৰ্জন দিলে ব্ৰহ্মপুত্ৰত। উল্লেখ্য যে, জুবিন গাৰ্গে জীৱনকালত বহুবাৰ কৈছিল তেওঁক ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈ। স্বামী তথা প্ৰাণৰ শিল্পীগৰাকীৰ সেই কথা যেন ৰাখিলে গৰিমাই। আজি তেওঁৰ চিতাভস্ম উটুৱাই দিলে ব্ৰহ্মপুত্ৰত। এই সময়চোৱাত গৰিমাই কান্দি কান্দি জুবিনত স্মৰণ কৰা দেখা যায়। এই সময়ত জুবিন গাৰ্গৰ ভগ্নীও উপস্থিত থাকে।