বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা আৰু নাই। দীৰ্ঘদিন দুৰাৰোগ্য ৰোগেৰে যুঁজি সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। চেন্নাইৰ হাস্পাতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতে শিল্পীগৰাকীয়ে। তাৰ পাছতে তেওঁৰ নশ্বৰ দেহ অসমলৈ অনা হয়। আজি ৰাজ্যিক মৰ্যদাৰে শিল্পীগৰাকীৰ শেষকৃত কৰা হয়। শিল্পীগৰাকীৰ অন্তিম যাত্ৰাত বিভিন্নজনে বাঁহীৰ সুৰেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শিল্পীগৰাকীক শেষকৃত অনুষ্ঠানত তেওঁৰ আত্মীয়, অনুৰাগী আদিয়ে অংশগ্ৰহণ কৰে।