বৰ্তমান পূজাৰ বতৰ। সমগ্ৰ ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে দুৰ্গা পূজা। এই পূজা উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ৰাজ্যৰ বিভিন্ন পূজাস্থলী পৰিদৰ্শন কৰিছে। ইয়াৰ মাজতে তেওঁৰ এটি শিশুৰ লগত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে। য'ত দেখা গৈছে, মুখ্যমন্ত্ৰীয়ে শিশুটিৰ সৈতে হাত মিলাইছে। উল্লেখ্য যে, শিশুসকলৰ মাজত বিশেষ জনপ্ৰিয়তা আছে মুখ্যমন্ত্ৰীৰ। শিশুসকলে তেওঁক 'মামা' সম্বোধন কৰি মাতে।