পুনৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সৰৱ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। খানাপাৰাত মুখ্যমন্ত্ৰীয়ে কয়, 'সন্ত্রাসবাদ সমর্থন কৰাসকলক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে গ্ৰেপ্তাৰৰ পূৰ্বে উদ্দেশ্যৰো বুজ লোৱা হ'ব, কাৰণ বহু লোকে নাজানিও ইম'জি ব্যৱহাৰ কৰে। দোষীক শাস্তি দিয়া হ'ব।'