কাৰ্বি আংলঙত বৰ্তমান উত্তপ্ত পৰিস্থিতি। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, খেৰণিৰ পৰিস্থিতি বৰ্তমান স্পৰ্শকাতৰ। মন্ত্ৰী ৰনোজ পেগু তাত উপস্থিত হৈছে। আশা কৰো বিষয়টো আলোচনাৰ মাজেৰে সমাধান হ'ব। শৰ্মাই আৰু কয় যে, কাৰ্বি আংলঙত বাস কৰা অনা কাৰ্বি সকলক মাটিৰ পৰা উচ্ছেদ কৰিব লাগিব বুলি বহু দিনৰ পৰা এটা দাবী আছিল। এই ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়লয়ে বৰ্তমান উচ্ছেদ কৰাৰ অনুমতি দিয়া নাই, অৰ্থাৎ এই ক্ষেত্ৰত বাধা আছে। আদালতৰ বিৰুদ্ধে গৈ কাম কৰা ঠিক নহয়।