সোমবাৰে সন্ধিয়া দেশৰ ৰাজধানী দিল্লীত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। লাল কিল্লাৰ সমীপত সংঘটিত হোৱা এই বিস্ফোৰণত ৯ জন লোক নিহত হোৱাৰ লগতে ২৮ জন লোক আহত হয়। এই ঘটনাৰ পিছতে দেশৰ বিভিন্ন ৰাজ্যত জাৰি কৰা হৈছে হাই এলাৰ্ট। দিল্লীত বিস্ফোৰণৰ পিছতে তৎপৰ হৈ পৰিছে অসম আৰক্ষী।