সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতি। বৃহস্পতিবাৰে নিশা ১১.৪৫ মান বজাত হঠাৎ নগা দুৰ্বৃত্তই অগ্নিসংযোগ কৰে টেঙাতল জালাল বস্তি নামৰ গাঁওখনত। স্থানীয় ৰাইজে শুই থকা অৱস্থাতে নগা দুৰ্বৃত্তই গাওঁখন জ্বলাই দিয়াৰ লগতে গুলীচালনা আৰু গ্ৰেনেডেৰে আক্ৰমণ কৰে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।