দূৰ্গা পূজাৰ মাজতে তামাৰহাটৰ মেচপাৰাত উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ প্ৰহাৰত মৃত্যু এজনৰ। এই ঘটনাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে, এজন ঠিকাদাৰৰ ওচৰত টকা বিচাৰি গৈছিল ৩ জনে। তাৰ পাছতে আৰক্ষীয়ে তেওঁলোকক লৈ যায় আৰু প্ৰহাৰ কৰে। আৰক্ষীৰ প্ৰহাৰত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় মনোহৰ ৰায় নামৰ এজন। ৩ দিন পাছত এই লোকজনে মৃত্যুক সাৱতে।