অৱশেষত সামৰণি পৰিল পলাশবাৰী ৰাস মহোৎসৱৰ। ৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ১৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৭৯ তম পলাশবাৰী ৰাস মহোৎসৱৰ বুধবাৰে নিশা সফল সামৰণি পৰে। এই সামৰণিৰ দিনটোতো ভিন্ন প্ৰান্তৰ ৰাইজেৰে ভৰিপৰে ৰাস মহোৎসৱস্থলী। সামৰণিৰ দিনাখনৰ নিশাৰ অনুষ্ঠানত উপস্থিত থাকে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, যুৱ নেতা হিমাংশু শেখৰ বৈশ্য, সমাজকৰ্মী অনুপ কুমাৰ মেধি, ৰাস মহোৎসৱ সমিতিৰ বিষ়ববীয়াৰ লগতে ভক্তপ্ৰাণ ৰাইজ ।