Bigg Boss: কিমান টকা পালে বিগ বছ-১৯ ৰ বিজেতা গৌৰৱ খান্নাই?

| Edited By: Trishna Kalita

| Dec 09, 2025 | 9:40 PM

Gaurav Khanna: সপ্তাহৰ পাছত সপ্তাহ ধৰি চলাৰ অন্তত সামৰণি পৰিল বিগ বছ ১৯ৰ । প্ৰতিবছৰে বিজেতাক ট্ৰফীৰ লগতে নগদ ধন দিয়া হয়। এইবাৰৰ বিজেতা গৌৰৱ খান্নাই মোটা অংকৰ ধন লাভ কৰে।

পোন্ধৰ সপ্তাহ চলাৰ অন্তত সামৰণি পৰিল বিগ বছ ১৯ (Big Boss 19)ৰ। এইবাৰ এই ছিজনত জয়লাভ কৰে গৌৰৱ খান্নাই। অভিনেতা ছলমান খানে তেওঁক বিজেতা ঘোষণা কৰি বিগ বছৰ ট্ৰফী প্ৰদান কৰে। ট্ৰফীৰ লগতে খান্নাই লাভ কৰে নগদ ধন। ইফালে ফাৰহানা ভাট হয় ৰাণাৰ্ছ আপ, দ্বিতীয় ৰাণাৰ্ছ আপ প্ৰণিত মৌৰ। উল্লেখ্য যে, এইবাৰ বিগ বছ ১৯-ৰ টপ-৫ ত আছিল গৌৰৱ খান্না, আমাল মালিক, তানিয়া মিট্টল আৰু ফাৰহানা ভাট। কিন্তু সকলোকে পাৰ কৰি গৌৰৱ খান্না জয়ী হয়।

উল্লেখ্য যে, বিগ বছৰ প্ৰথম ছিজনত বিজেতাক ১ কোটি টকাৰ পুৰস্কাৰ দিয়া হৈছিল। কিন্তু কেইটামান বছৰৰ পৰা পুৰস্কাৰৰ টকা হ্ৰাস কৰিছে। এনেস্থলত গৌৰৱ খান্নাই ৫০ লাখ টকা লাভ কৰে।

সবিশেষৰ বাবে চাওক ভিডিঅ’…